Class 7 Science in Assamese Medium
গতি আৰু সময়সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
১)তলৰ গতিসমূহ সৰল ৰৈখিক, বৃত্তীয় বা দোলন গতিত শ্ৰেণীভূক্ত কৰা।
(ক) দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি।
(খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি।
(গ) ঘূৰণ -দোলনাত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
(ঘ) ঢেঁকী পাতত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
(ঙ) বৈদ্যুতিক ঘণ্টাৰ হাতুৰীৰ গতি ।
(চ) এখন পোন দলঙত ৰেলৰ গতি।
উত্তৰ:- (ক) দোলন গতি।
(খ) সৰল ৰৈখিক গতি।
(গ) বৃত্তীয় গতি।
(ঘ) দোলন গতি।
(ঙ) দোলন গতি।
(চ) সৰল ৰৈখিক গতি।
২/ তলৰ কোনবোৰ উক্তি শুদ্ধ / অশুদ্ধ বিচাৰ কৰা।
(ক) সময়ৰ মৌলিক একক ছেকেণ্ড।
(খ) প্ৰত্যেক বস্তৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে।
(গ) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় ।
(ঘ) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়।
(ঙ) এখন ৰেলৰ দ্ৰুতি মি./ঘ.ত প্ৰকাশ কৰা হয়।
উত্তৰ:- (ক) শুদ্ধ।
(খ) অশুদ্ধ।
(গ) শুদ্ধ।
(ঘ) অশুদ্ধ।
(ঙ) শুদ্ধ।
৩/ এটা সৰল দোলকে ২০বাৰ দুলিবলৈ ৩২ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্য্যায়কাল নিৰ্ণয় কৰা ।
উত্তৰ:- ইয়াত দিয়া আছে,
দোলকৰ সংখ্যা =২০ বাৰ
দোলনৰ সময় = ৩২ছেকেণ্ড
আমি জানো যে , পৰ্যায়কাল= দোলনৰ সময় / দোলনৰ সংখ্যা
এতেকে নিৰ্ণয় পৰ্যায়কাল = ২০/১৬
পৰ্যায়কাল = ১.৬ ছেকেণ্ড।
৪/ দুটা আস্থানৰ মাজৰ দূৰত্ব ২৪০ কি.মি .। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৪ ঘণ্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা।
উত্তৰ:- দিয়া আছে ,
আস্থানৰ মাজৰ দূৰত্ব= ২৪০ কি.মি
সময় = ৪ঘণ্টা
ৰেলখনৰ দ্ৰুতি = ?
আমি জানো যে, দ্ৰুতি = দূৰত্ব/ সময়
দ্ৰুতি = ২৪০/৪ কি.মি./ঘণ্টা
দ্ৰুতি = ৬০ কি.মি./ঘণ্টা ।
Nice
ReplyDeleteSir, will tuition me? I will pay you money.
ReplyDeleteYes
Delete