Class 7 Social Science in Assamese Medium
ভূ-পৃষ্ঠত সময় গণনাসপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
১। চমু উত্তৰ দিয়া-
ক। দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰ:- ৩৬০ ডাল।
খ। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰ:- ৮২ ডিগ্ৰী৩০ দ্ৰাঘিমাৰেখা।
গ। পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ
কিমান ঘন্টা সময় লাগে?
উত্তৰ:- ২৪ ঘন্টা প্ৰয়োজন।
ঘ।গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সযময়ক কি বোলে?
উত্তৰ:- গ্ৰীনিজৰ মান সময় বোলে।
ঙ। কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰ:- ডিগ্ৰী।
২। খালী ঠাই পূৰ কৰা-
ক। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ______ কোণ কৰি থাকে।
উত্তৰ:- ৩৬০ ডিগ্ৰী।
খ। দ্ৰাঘিমা ৰেখাৰ মান বা জোখক _______ বোলে।
উত্তৰ:- দ্ৰাঘিমাংশ।
গ।প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব _______ দ্ৰাঘিমাংশ।
উত্তৰ:- ঠাইখনৰ।
ঘ।মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে ১৫ ডিগ্ৰী আতৰত থকা ঠাইখনত ________ বাজিব।
উত্তৰ:- ১ বাজিব।
৩।সঁচা-মিছা নিৰ্ণয় কৰা-
ক। পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।
উত্তৰ:- মিছা।
খ। ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দি ল'ব লাগে।
উত্তৰ:- মিছা।
গ। কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।
উত্তৰ:- সঁচা।
ঘ।১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘন্টা।
উত্তৰ:- সঁচা।
ঙ।গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰ:- সঁচা।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক। ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ'লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰ:- সময় লাভ।
খ।গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব/পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰ:- পূব।
গ। প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা।
উত্তৰ:- আগবঢ়া।
ঘ। ভাৰতীয় দ্ৰাঘিমাৰেখা হিচাপে ৮৩ ডিগ্ৰী ২০/ ৯০ ডিগ্ৰী/৮২ ডিগ্ৰী ৩০।
উত্তৰ:- ৮২ ডিগ্ৰী ৩০।
ঙ।আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্ৰীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰ:- ভাৰতীয় মান সময় মতে চলে।
৫। পাৰ্থক্য লিখা-
ক।অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা।
উত্তৰ:- বিষুৱৰ সমান্তৰালকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে। আনহাতে প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখা বোৰেই দ্ৰাঘিমাৰেখা।
খ। স্থানীয় সময় আৰু মান সময়।
উত্তৰ:- কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। আনহাতে কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে।
No comments:
Post a Comment