১।তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি।
ক। জিংক
খ।ফছফৰাছ
গ।গন্ধক
ঘ। অক্সিজেন
উত্তৰ:- জিংক।
২।তলৰ কোনটো উক্তি সত্য
ক।সকলো ধাতু নমনীয়।
খ।সকলো অধাতু নমনীয়।
গ। সাধাৰণতে ধাতুসমূহ নমনীয়।
ঘ। কিছুমান অধাতু নমনীয়।
উত্তৰ:- সাধাৰণতে ধাতুসমূহ নমনীয়।
৩। খালী ঠাই পূৰ কৰা
ক। ফছফৰাছ এবিধ অতি____ অধাতু ।
খ। ধাতুসমূহ তাপ আৰু __ৰ__পৰিবাহী।
গ। তামতকৈ লো ____সক্ৰিয়।
ঘ। ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি____ গেছ উৎপন্ন কৰে ।
উত্তৰ:- ক। সক্ৰিয়।
খ। বিদ্যুৎ,সু।
গ। অধিক।
ঘ। হাইড্ৰজেন।
৪।শুদ্ধ নে অশুদ্ধ লিখা ।
ক। সাধাৰণতে অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰ:- অশুদ্ধ।
খ।ছডিয়াম এবিধ বৰ সক্ৰিয় ধাতু।
উত্তৰ:- শুদ্ধ।
গ।জিংক ছালফেটৰ পৰা দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।
উত্তৰ:- অশুদ্ধ।
ঘ।কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।
উত্তৰ:- অশুদ্ধ।
৫। ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।
উত্তৰ:- ১।ধাতু উজ্বল কিন্তু অধাতু উজ্বল নহয়।
২। ধাতু কঠিন কিন্তু অধাতু কোমল ।
৩। ধাতু তাপৰ সুপৰিবাহী কিন্তু অধাতু তাপৰ কু পৰিবাহী।
৬। কাৰণ দৰ্শোৱা-
ক। খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উত্তৰ:- কাৰণ এলুমিনিয়ামবোৰক কোবাই পাতল কৰিব পাৰি। অৰ্থাৎ এলুমিনিয়ামৰ ঘাত সহিষ্ণু।
খ। জুলীয়া পদাৰ্থ তপাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দন্ডবোৰ ধাতবীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰ:- কাৰণ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।
গ।তামে জিংকক ইয়াৰ লৱণ দ্ৰব্যৰ পৰা অপসাৰিত কৰিব নোৱাৰে।
উত্তৰ:- কাৰণ জিংক তামতকৈ অধিক সক্ৰিয়।
ঘ। ছডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।
উত্তৰ:- কাৰণ ছডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু।মুক্ত অৱস্থাত ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰৱলভাৱে বিক্ৰিয়া কৰে। বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়।
৭। তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষণ কৰি ৰাখিব পাৰিবানে? বাখ্যা কৰা।
উত্তৰ:- নোৱাৰি। কাৰণ এছিডে এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰে।
৮। স্তম্ভ Aৰ লগত স্তম্ভ B মিলোৱা।
A B
১।সোণ ক।থাৰ্মমিটাৰ
২।লো খ। বৈদ্যুতিক তাৰ
৩।এলুমিনিয়াম গ। খাদ্য মেৰোৱা
৪।কাৰ্বন ঘ।আ-অলংকাৰ
৫।তাম ঙ।যন্ত্ৰ-পাতি
৬।পাৰা চ।ইন্ধন
উত্তৰ:-
১ আৰু ঘ।
২ আৰু ঙ।
৩ আৰু গ।
৪ আৰু চ।
৫ আৰু খ।
৬ আৰু ক।
Sunday, 27 September 2020
.png)
Class 8 || SCIENCE || Lesson 4 || পদাৰ্থঃ ধাতু আৰু অধাতু || Solved Questions & Answers in Assamese Medium
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment